Polaroid
~ নৰকত নষ্ট অকবিৰ ফাঁচিৰৰচি ~
¤ কন্দর্পজিৎ কল্লোল

(১) জীৱন জীৱন বৰ অনুপম

আচলতে জীৱনটো বৰ অনুপম। কিন্তু এই জীৱনটোকে মই ভালদৰে বুজিব নোৱাৰিলোঁ। আচলতে আজিলকৈ মই চিনিব নোৱাৰা ব্যক্তিজন আন কোনো নহয়, মই নিজেই। কেতিয়াবা মৃত্যুৰ হেঁপাহ জাগে অথচ মৰিবও নোৱাৰোঁ। কি অসহ্য এই জীৱন। প্ৰেম! কি প্ৰেম, ক'ত প্ৰেম-ভালপোৱা, কাৰ হৃদয়ত! অপ্ৰেমৰ এই পৃথিৱীৰ যন্ত্ৰণাদগ্ধ কলিজা। কি লিখিম, কাৰ বিষয়ে লিখিম। লিখিয়েই বা কি হ'ব। তাৰ পিছতো লিখিম বুলি দৃঢ় হ'লো, অন্ততঃ মোৰ হৃদয়ৰ কথাবোৰ তো মুকলি ভাবে ক'ব পাৰিম বুলি ভাবি।আচলতে মইমিছা কথা বেয়া পাওঁ। তাৰ পিছতো মই এটাই মিছা কথা কওঁ। মানে মদ নখোৱাৰ কথা। অথচ খাইয়েই আছোঁ আজিলৈকে।কিয় মদিৰাৰ প্ৰেমত পৰিলোঁ, কেনেদৰে মদিৰাৰ প্ৰেমত পৰিলোঁ, এইবোৰ তো কোনেও জানিব নিবিচাৰে! ক'বলগা বহু কথাই আছে। শৃঙ্খলাবদ্ধ ভাবে একোয়ে ক'ব নোৱাৰোঁ বাবেই যন্ত্ৰণাত ছাতি ফুটি মৰোঁ। ......
ৰাতি ৰাতি ফোন আহে, ফোনৰ মাজেদি মৃত্যুৰ ধমক ভাঁহে। সকলো বাণীবদ্ধ কৰিৰাখোঁ। যুদ্ধ ভালপোৱা হ'লে নিশ্চয় থানা-আদালতত গোচৰ দিলোঁ হেঁতেন। কিন্তু এই যুদ্ধ ব্যক্তিস্বার্থৰ ­ যুদ্ধ নহয়। এয়া আচলতে সত্যৰ সপক্ষে তথা সমাজকেন্দ্ৰিক যুদ্ধ। এয়া কোনো ব্যক্তিগতশত্ৰুৰ বিৰুদ্ধে কৰা যুদ্ধ নহয়। তাতে আকৌ যুদ্ধক্ষেত্ৰত এজন অপৈনত সৈনিক। তাৰ পিছতো কেতিয়াবা জীয়াই থকাৰ কল্পনা কৰোঁ। এতিয়াও জীৱনৰ বিষয়ে ভাবোঁ "জীৱন জীৱন বৰ অনুপম!"।......


(২) পাঠকক উপেক্ষা কৰাৰ অধিকাৰ আপোনাক কোনে দিলে- অদীপ ফুকন ডাঙৰীয়া

মহোদয়, মনত পেলাবলৈ চেষ্টা কৰক আপুনি যে কৈছিল- '. . . আপোনাৰ আদেশ আৰু উপদেশে প্ৰস্তুত কৰিবআমাৰ পথ।/একান্ত বিশ্বাস আৰু প্ৰতিশ্ৰুতিৰে- অদীপ ফুকন/সম্পাদক।'

মহোদয়, কথা দিও কথা ৰাখিব নোৱাৰিলে আপুনি। কিন্তু অনুতপ্ত নহয়। এতিয়া আপোনাৰ ভাষাৰেই আপোনাক প্ৰশ্ন কৰোঁ- আপুনি এতিয়া আপোনাৰ শব্দবোৰক কি বুলি ক'ব? ৰাইজক উপেক্ষা কৰাৰ অধিকাৰ আপোনাক কোনে দিলে?- আমি মৌন হৈ থাকিম নে?...

মহোদয়, 'এদিন কুইজ # ১'ৰ শুদ্ধ উত্তৰ দাতাৰ তালিকাত দাস উপাধিৰ এজন পাঠকৰ নাম আছিল। যোৱা ৯/১১/০৭ তাৰিখে তেখেতে শান্তনু কৌশিক বৰুৱা মহোদয়ক ফোন কৰে তথা তেখেতৰ কথা মতে ফেক্স কৰি এজেঞ্চিৰ নাম-ঠিকনা পঠিয়াই দিয়ে। ১৫/১১/০৭ তাৰিখ কাকত নপোৱাত পুনৰ বৰুৱা মহদোয়ক ফোন কৰা হয়। সেই দিনাই দুপৰীয়া আপোনাৰ কাকতৰ কার্যালয়ৰ পৰা ফোন কৰি কয় যে পিছ দিনাখনৰ পৰাকাকত পাব। কিন্তু আপোনালোকে কাকত নপঠিওৱাত যোৱা ১৯/১১/০৭ তাৰিখে মই আপোনাৰ ম'বাইললৈ ফোন কৰোঁ। আপুনি ক'লে যে- কিছুখেলি-মেলি হৈছে। আৰু লগতে আপুনি প্ৰতিশ্ৰুতিও দিলে।ঠিক প্ৰতিশ্ৰুতি নুবুলি মিছা আশ্বাস বুলি ক'লে চাগে বাক্যটো অশুদ্ধ নহ'ব।

মহোদয়, আপোনাৰ কাকতৰ নিয়মিয়া পাঠক তথা শুভাকাঙ্খী ব্যক্তি এজনক প্ৰতাৰণা কৰি আঘাত হনাটো উচিত হৈছে জানো? আৰু আপোনালোকে এনেদৰে পাঠকৰ স'তে বিশ্বাসঘাতকতা কৰিব বুলি ভবা নাছিলোঁ।

এতিয়া প্ৰয়াত বাংলা কবি জীবনানন্দ দাশৰ দৰে দেখি আছোঁ 'অদ্ভুত এন্ধাৰ এছোটা'-
অদ্ভুত এন্ধাৰ এছোটা আহিছে এই পৃথিৱীলৈ আজি ,
যিহঁত অন্ধ সবাতকৈ বেছি আজি চকুৰে দেখে সিহঁত ;
যিহঁতৰ হৃদয়ত কোনো প্ৰেম নাই- প্ৰীতি নাই- কৰুণাৰ আলোড়ন নাই
পৃথিৱী অচল আজি সিহঁতৰ সু-পৰামর্শ অবিহনে ।
যিহঁতৰ গভীৰ আস্থা আছে আজিও মানুহৰ প্ৰতি
এতিয়াও যিহঁতৰ ওচৰত স্বাভাৱিক বুলি ধাৰণা হয়
মহৎ সত্য বা ৰীতি , কিম্বা শিল্প অথবা সাধনা
শগুন আৰু শিয়ালৰ খাদ্য আজি সিহঁতৰ হৃদয় ।

কেবাখনো পত্ৰ এদিনৰ ডাষ্টবিনত পচি যোৱাৰ পিছতো 'যাদুহীন কলমৰ অৱহেলিত চিন্তা এমুঠি' শীর্ষৰে এখন সমালোচনামূলক
পত্ৰ। সম্পাদকীয় পৃষ্ঠাত উক্ত পত্ৰখন প্ৰকাশ নহ'ল। হয়তো সেইখনো প্ৰকাশ হোৱাৰ যোগ্য নাছিল। কিন্তু দহ মাহ পিছত 'এদিনৰ দেওবাৰ'ৰ 'দেওবাৰৰ চিঠি' শিতানত প্ৰকাশ হ'ল 'এদিনলৈ একলম' নামদি। সমালোচনাখিনিক বাদদি শেষৰ স্তম্ভটো প্ৰকাশ কৰিলে। এনেদৰে প্ৰকাশ হ'ল যাতে পাঠকে ভাবিব পাৰে যে 'এদিনৰ সংবাদ'ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা বহু পাঠক আছে- লেখক আছে। বাঃ বঢ়িয়া আইডিয়া!

"The importent lesson to learn is that the press and media of information are like a mirror in which the society sees the face every day and sounding board through which it hears its own thoughts and feelings.When freedom of expressionis curbed, the mirror is blackened, and sounding board cracksthe people do not see or hear themselves. They lose identity. Hence they protest." (Hence I protest.)

(৩.১)০০০০

অসমৰ এখন বাতৰি কাকতত কেবছৰমান আগতে চিত্ৰৰ সৈতে এটা সংবাদ প্ৰকাশ হৈছিল। সংবাদটো আছিল যে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ৰাতিপুৱাই তেওঁলোকৰ কাকতখন পঢ়ে। তেওঁলোকে ভাবে চাগে "কুকাৰৰ মাতত ৰাতিপুৱা হয়!" কাকতখনৰ প্ৰতিলিপিটো মোৰ হাতত আছিল যদিও সম্প্ৰতি হেৰাই গৈছে বাবেই কাকতখনৰ নামটো প্ৰকাশ নকৰিলোঁ। যিয়ে পঢ়িছিল বা যিয়ে প্ৰকাশ কৰিছিল তেখেতসকলে নিশ্চয় বুজিব পাৰিব। ইয়াৰ বাহিৰেও আৰু দুজনমান সম্পাদকৰ বিষয়ে অলপ ক'ব লগা আছিল যদিও সেয়া আৰু ক'ব নোৱাৰিম। কাৰণ আমাৰ মাজত নথকা ব্যক্তি এজনৰ বিষয়ে বিতর্ক মূলক মন্তব্য দিবলৈ যোৱাটো পাপবুলি ভাবোঁ!

(৩.২) হোমেন বৰগোহাঞি, আমাৰ অসম আৰু অসমৰ জনসাধাৰণ

বৰগোহাঞি মহোদয়ৰ 'আমাৰ অসম : অসমৰ বিবেকৰ প্ৰতিভূ. . .'
পঢ়ি কিয় এজনো জনসাধাৰণে বা লিখকে বা অসমৰ চিন্তাশীল বুদ্ধিজীৱি সকলে একো নিলিখিলে! আমাৰ চকুত পৰা নাই! যদি ইতিপূর্বে কোনোবাই একলম হ'লেও লিখিছে তেন্তে তেখতক ধন্যবাদ।

বৰগোহাঞি মহোদয়, আপোনাৰ কাকতত যিবোৰ বিজ্ঞাপন প্ৰকাশ হয় সেয়া ৰাজহুৱা স্বার্থৰ বাবে নেকি? আপুনি লিখিছে "অসমৰ আটাইতকৈ শিক্ষিত আৰু চিন্তাশীল লোকসকলে 'আমাৰ অসম' পঢ়ে ।"
অর্থাৎ আমাৰ অসম নপঢ়া সকল শিক্ষিতও নহয়, চিন্তাশীলোন হয়!
... "'আমাৰ অসম'-এ যিমানবোৰ তথ্যপূর্ণ আৰু চিন্তাগধুৰপ্ৰবন্ধ প্ৰকাশ কৰে, সিমান প্ৰবন্ধ অসমৰ আন কোনো এখন বাতৰিকাকতে প্ৰকাশ নকৰে।... ... অসমৰ আটাইতকৈ বিখ্যাত আৰু সন্মানিত লেখকসকলে কেৱল আমাৰ অসম তহে লিখে।... " অর্থাৎ আপোনাৰ মতে যিবোৰ লেখকে 'আমাৰ অসম'ত নিলিখি আন কাকতত লেখে বা যিবোৰ লেখক 'আমৰ অসম'ত লিখাৰ উপৰিও আন কাকতত লিখে, সিহঁত বিখ্যাত নহয়, সন্মানিত লেখক নহয়।...
ময়ূৰে নিজকে সুন্দৰ চৰাই বুলি দাবী নকৰে। সেয়ে হয়তো আমি ময়ূৰ (মৰা চৰাই)ৰসৌন্দর্যতা দেখিবলৈ পাওঁ।আনহাতে .....!

মহোদয়, আপোনাৰ ভাষাৰ শালীনতাই মোৰ বুকুখন বিন্ধিলে! চেৰেংকৈবিষটো উজাই আহিব খোজে দেখোন!

(৩.৩)০০০০
অসমৰ বহুতো কাকততে পৰিলক্ষিত হয় চমক সৃষ্ট কৰিব পৰা সংবাদ। কিন্তু তাৰ মাজতে ৰৈ যায় প্ৰকাশ পাবলগীয়া অনেক কথা প্ৰকাশ নপোৱাকৈ।
শেষত কবি আৰিফুল হকৰ 'পাগলদিয়াৰ স্মৃতিচাৰণ' কবিতাটোৰ শেষাংশৰে লেখাটোৰ সামৰণি দিব খোজোঁ-

'' যিমান ডাঙৰকৈ ছপা হৈছিল/ দেওলগা পাগলদিয়াৰ বলিয়ালি/
সিমান ডাঙৰকৈ ছপা নহ'ল/ নদীখনৰ আত্মহত্যাৰ খবৰ । ''


(৪) অনুৰাধা শর্মা পূজাৰী সমীপেষু

আপুনি 'ঐক্যমঞ্চ' গঠনত গুৰুত্ব দিয়া ব্যক্তি। 'সাদিন-প্ৰতিদিন ­' গোষ্টীৰ কাকত-আলোচনীত একলম লেখা প্ৰকাশ হ'লেও মাননি দিয়ে বুলি আপোনালোকৰ প্ৰকাশন গোষ্টীৰ সাংবাদিকে অহংকাৰকৰি কয়। কিন্তু এয়াজানো প্ৰকৃত সত্য!

(৫) ডাঃ প্ৰণৱজ্যোতি দাস ৰাজবংশী সমীপেষু

'পেজ-32 এখন অসমীয়া সাপ্তাহিক আলোচনী' বুলি নিলিখি 'নিখিল কামতাপুৰ ছাত্ৰ সংগঠন'ৰ মুখপত্ৰ বুলি লিখিলে ভাল আছিল নেকি! কিয়নো আলফাৰ সদস্যই সম্পদনা কৰা 'স্বাধীনতা' যদি আলফাৰ মুখপত্ৰ হয়! আনহাতে ২৪/০২ /২০০৮ৰ কাকতত ২২/০২/০৮ৰ কার্যসূচী!
ডাঃ প্ৰণৱজ্যোতি দাস ৰাজবংশী মহোদয়, ময়ো কামতাপুৰৰ বাসিন্দা, কামতাপুৰ আন্দোলনত আমাৰো সহযোগ আছে। এয়া জানো আমি পৰিহাৰ কৰিব পাৰিম? যদি নোৱাৰোঁ তেনেহ'লে অন্য সংগঠনৰ দাবীত আমি হস্তক্ষেপ কৰাটো উচিত হ'ব জানো! 'পেজ-32'ৰ ৮ম সংখ্যাৰ সম্পাদকীয়ত আপুনিলেখিছে-'এই আলোচনা চর্ত সাপেক্ষে হ'লেও সার্বভৌমত্ব আৰু স্বাধীন অসমৰ দাবী অসমৰ খিলঞ্জীয়াজনগোষ্ টীৰ স্বার্থত পৰিহাৰ কৰিবই লাগিব।...' এয়া কাকত এখনৰ সম্পাদক বা লিখক হিচাবে আপুনি লিখিব পাৰে কিন্তু আপুনি এটা সংগঠনৰ সভাপতিও! আৰু ইতিমধ্যে আলফাৰ দুয়োজন শীর্ষ নেতাইবহুবাৰ কৈছে যে গণভোটত হাৰিল 'স্বাধীন অসম'ৰ দাবী পৰিহাৰ কৰিব। অথচ ভাৰত চৰকাৰেহে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সহায় নলৈ আলফাদমনৰ নামত সাধাৰণ নাগৰীকৰতেজেৰে ফাকু খেলি আছে। শেষত কওঁ যে যুক্তি যুক্ত ভাবে আপোনালোকে আপোনালোকৰ লক্ষ্যৰ ফালে আগুৱাই যাওক। কামতাপুৰ আন্দোলনৰ সমর্থনত ময়ো আছোঁ। Best of luck.......

(৬) অভিনন্দন বিজু কুমাৰ! ('মণিকাঞ্চন'ৰ ডাষ্টবিনৰ পৰা)

যোৱা ১৪/০৯/০৭-ৰ 'আজি' কাকতৰ 'প্ৰতিবিম্ব' পৃষ্ঠাত আপোনাৰ কবিতা এটাপ্ৰকাশ হৈছিল। কবিতাৰ ভাষা বুজা বৰ কঠিন। তথাপিও কবিতাটোৱে আমাৰ মনত আঘাত দি গ'ল।
আমি শংকৰদেৱৰ নামত ৰাজনীতি কৰা সকলক ঘিণ কৰোঁ। যিয়ে ধর্মৰ নামত ৰাজনীতি কৰে সিহঁতক মুখাপিন্ধা দালাল বুলি ভাবোঁ। কিন্তু আপোনাৰ কবিতাটো পঢ়ি বুজিব পাৰিলোঁ যে আপুনি ৰাজনীতিকৰা মুখৰ আঁৰৰ মুখাবোৰৰ বুকুত বিন্ধিব নোৱাৰিলে। অথবা বিচৰা নাই। আপুনি আমাৰ জাতীয় সত্ত্বাত আঘাত হানিলে।
১. হাতত মহি কাপ লৈ গুণগুণাই আজিও আছে আমাৰ হৃদয়ত/ সুহুৰি ওঁঠত নাচি নাচি প্ৰেম অমৃতত ডুবিছিৰ
২. মৃতদেহৰ ওপৰেদি শঙ্কৰদেৱ গুচি যাব নোৱাৰে/ আপুনি ভুল কৰিছে বিজু কুমাৰ/ আপুনি বিতর্কত সোমাব খুজিছে/ ­বির্তকিত কবি হ'লে মানুহেচিনি পাব/ কিছুমান জাতীয় সত্ত্বাহীনে হাত চাপৰি মাৰিব।
৩. শংকৰদেৱ বেশ্যা হ'ব নোৱাৰে/ আপুনি এনে এটা শব্দ বাছি লৈছে যিয়ে আপোনাৰ কবিত্বক বাঃ বাঃ দিব বুলি আশা কৰিছে।
৪. শংকৰদেৱ আজন্ম/ মোৰ আত্মীয় নহয়/ অথচ মোৰ অন্তৰাত্মাত বিৰাজমান/ শোষক আৰু প্ৰৱঞ্চনাৰ ৰাজনীজ্ঞৰ বিৰুদ্ধে তেওঁৰপ্ৰেমৰ দুহাত/ যি হাতৰ স্পর্শত অসম্ভৱ কিবা এটাও সম্ভৱ হ'ব পাৰে।
৫. আপুনি শংকৰদেৱক ৰাজপথত বান্ধি কোবাব। বাঃ আপোনাৰকি সাহস! সাহসটোৰ বাবে অভিনন্দন বিজু কুমাৰ! কিন্তু নাভাবিব আপোনাৰ দৰে সকলো অসমবাসীয়ে জাতীয়সত্ত্বাহীন বুলি। শংকৰদেৱ আজন্ম। তেওঁ গুচি যাব নোৱাৰে। তেওঁ গুচি গ'লে আপুনিও হ'ব জাতীয় সত্ত্বাহীন জাৰজ সন্তান। আপোনাৰ সাহসটোৰ বাবে আকৌ এবাৰ অভিনন্দন বিজু কুমাৰ!


(৮) বিষয়ঃ কবিতাৰ বিতর্ক বনাম নৱ প্ৰজন্মৰ কবিতা

উক্ত নামাকৰণেৰে এটা প্ৰৱন্ধ লিখিছিলোঁ। আধা হেৰুৱাই পেলাইছোঁ। সাদিনত কবিতাকলৈ এটা বিতর্ক হৈছিল যদিও হঠাতে সম্পাদকজনে সেই বিতর্কক আৰু আগবঢ়াই নিয়া নহ'ব বুলিপ্ৰকাশ কৰে। যোৱা ২০ জুন ২০০৮ সংখ্যাৰ 'সাদিন'ত ইছমাইল হোছেইন ডাঙৰীয়াৰ এটা প্ৰৱন্ধ প্ৰকাশ হৈছিল। সেইটোৰ আঁতধৰি-
১. প্ৰণৱ কুমাৰ বর্মনে যদিডালমুট চানাচুৰ জাতীয় কবিতা লিখি জনপ্ৰিয়তা অর্জন কৰিছে তাত হোছেইন ডাঙৰীয়াৰ অসুবিধা কি? আৰুএইখিনিতে আন এটা কথা কব বিচাৰো যে উৎকৃষ্ট মানদণ্ডৰ ডালমুট চানাচুৰ শিশুৰ পৰা বৃদ্ধলৈ সকলোৰেপ্ৰিয় খাদ্য। আনহাতে ৰসগোল্লা বহুতেই শিশুক খাব নিদিয়ে কৃমি হ'ববুলি বহুমুত্ৰ ৰোগী বৃদ্ধয়ো নাখায়।
২. এণ্ডু মাৰভেল, এলিজাবেথবেৰট ব্ৰাউনিং, ফেডেৰিক গ'র্থিয়া লৰকা আদি প্ৰখ্যাত কবিয়েও প্ৰেমজনিত কবিতা লিখিহে বিখ্যাত হৈছিল। প্ৰগতিবাদী কমিউনিষ্ট কবিপাবেলো নেৰুদায়ো প্ৰেমৰ কবিতা লিখিছিল, প্ৰিয়তমাৰ লাৱণ্য ওঁঠৰ বর্ণনা দিছিল।
৩. বিখ্যাত উর্দু কবি মীৰে লিখিছিল- এবাতি ফটিকাত উজলে ৰমজান মাহ, কিনো হ'ল তাত/ মোৰ প্ৰতি ৰোজাৰ দিনেই, মদিৰালয়ত আহ-যাহ।
৪. নীলিম কুমাৰক আনে ক'লেও,যিহেতু লেখক হোছেইন ডাঙৰীয়াই উদ্ধৃত বশত লিখিছে! তথাপি কিয় এনে ধৰণৰ অশ্লীল শব্দৰ ব্যৱহাৰ কৰিলে! নীলিম কুমাৰক অশ্লীল কবি বুলি ক'লেও বেলেগ কথা আছিল। কিন্তু কিয় 'যৌন-বিকৃত কবি' আদিৰ দৰে আখ্যাবোৰ লেখকে ব্যৱহাৰ কৰিলে? যদিওবা আনে কোৱা হওক। লিখিত ৰূপত কিয় প্ৰকাশ কৰিলে!
৫. হোছেইন ডাঙৰীয়াই লিখিছে- ...'বৰঞ্চ প্ৰণৱহঁতেহে মোৰ ওচৰত আহিছিল নীলিম কুমাৰৰ বিৰুদ্ধে লিখবলৈ।' প্ৰণৱহঁতৰ কথা শুনি কিয় তেখেতে লিখিলে! আৰু প্ৰণৱহঁত মানে, বহুবচনৰ বাক্য এইটো। প্ৰণৱৰ বাহিৰে আৰু কোন কোন আছিল, সেয়া কিয় উল্লেখ নকৰিলে?!!

(৯) এইবোৰ কেনেকুৱা বৌদ্ধিক ভেঙুচালি

যি নতুন সাহিত্য পৰিষদে শংকৰদেৱক নিন্দা কৰিলে সেই নতুন সাহিত্য পৰিষদৰ কিম্বা মাক্সবাদৰ স'তে জড়িত ইছমাইল হোছেইনে শংকৰদেৱৰ আদর্শৰ কথা কৈ আমাক টোলাব নোৱাৰে। যি মাক্সবাদৰ স'তে জড়িত ব্যক্তি সকলে অনুৰাধা শর্মা পূজাৰী আৰু হোমেন বৰগোহাঁইৰ বিৰুদ্ধে লিখে সেই ব্যক্তি সকলে কিয় উক্ত ব্যক্তিদুজনৰ সম্পাদিত কাকতত লেখা-মেলাকৰে! হুছেইন ডাঙৰীয়া আমাৰ বৌদ্ধিক নেতা হোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছে। যিজন ব্যক্তিয়ে নৱীন কবিক সমালোচনা কৰে সেইজন ব্যক্তিয়ে কিয় মাক্সবাদৰ যোগেদি নতুন কবিৰ জন্ম দিব নোৱাৰিলে। এইখিনিতে ক'ব খোজোঁ যে প্ৰণৱ আৰু নীলিমৰ কবিতাই সমাজৰ ক্ষতি কৰা নাই। ক্ষতি কৰিছে আপোনালোকৰ বৌদ্ধিক ভেঙুচালিয়ে।
জ্যোতিপ্ৰসাদ, বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, নেৰুডা, অমূল্য বৰুৱা আদি মহান ব্যক্তিক টানি আনি আপোনালোকে বৌদ্ধিক ভেঙুচালি কৰি আছে।
শশী শর্মাৰ 'চাওতালী সাধুত সমাজ জীৱনৰ প্ৰতিফলন' প্ৰৱন্ধটোৱে সমাজৰ উপকাৰতকৈ অপকাৰহে বেছি কৰিবলৈ যোৱা দেখা যায়।
নতুন সাহিত্য পৰিষদৰ পৰা প্ৰকাশিত 'সূর্য ঢকা মেঘ' নামৰ গল্প সংকলনত বিশিষ্টসাহিত্যি কৰ গইনা লৈ মামনীৰয়ছম গোস্বামীৰ গল্প প্ৰকাশ কৰিলে। কিন্তু মামনী ৰয়ছম গোস্বামীয়ে নিজৰ আত্মজীৱনীত যৌনতাৰ যি পৰীক্ষামূলক বর্ণনা দিছে তাক লৈ আপোনালোকে তাইৰ জীৱত কালত কোনো কথা ক'বলৈ প্ৰয়োজনবোধ নকৰিলে। মামণী ৰয়ছম গোস্বামীৰ আত্মজীৱনীত অশ্লীলতাৰ বাহিৰেও সামাজিক বাতাবৰণত বিৰূপ প্ৰভাৱ পেলোৱা পৰীলক্ষিত হয়। ইয়াৰ বিষয়ে আপোনালোকে নিৰুপমা বৰগোহাঁইৰ 'মোৰ নানাৰঙী সাংবাদিক জীৱন' পঢ়িলে ভালদৰে অৱগত হ'ব পাৰিব।
ভবানন্দ দত্ত, অনিল ৰায়চৌধুৰী, মহেশ্বৰ নেওগ আৰু শিৱনাথ বর্মনে শংকৰদেৱক নিন্দা কৰিলে। এই বিষয়ে যুক্তি সহকাৰে খণ্ডন কৰা ব্যক্তি ড' সঞ্জীৱ কুমাৰ বৰকাকতিক বর্মন ডাঙৰীয়াই গৰু, হাঁহ,কুকুৰা, ফৰিং আদিৰ স'তে ৰিজালে। বর্মনে কোৱাৰ দৰে শংকৰদেৱ শ্ৰমবিমুখী আদর্শৰ প্ৰচাৰক নাছিল। মাক্স হে নিষ্কর্মা আছিল। 'মাক্সে ডাচ কেপিটেল' লেখোতে গোটেই জীৱন পাত কৰিলে আৰু তেওঁৰ পৰিয়ালৰ লোকসকল যে অনাহাৰে মৃত্যুবৰণ কৰিলে তালৈ কেৰেপ নকৰিলে। নিজৰ পৰিয়ালৰ প্ৰতি মানৱতাক বাদ দি বিশ্ব মানৱতা অসম্ভৱ, মাক্সে তাক বুজা নাছিল।
ৰজনীকান্ত দাসে অনুৰাধা শর্মা পূজাৰীৰ উপন্যাসে সাহিত্যত বাণিজ্যিকৰণ অনাবুলি অবিহিত কৰাৰ বিপৰীতেতেখেতে সম্পাদনা কৰা 'নতুন পৃথিৱী'ত এডৱার্ড ষ্টেডী এ চাংমাৰ এটা অশ্লীল কবিতা প্ৰকাশ কৰা দেখা গ'ল।
হীৰেন গোহাঁইৰ ভাষাত ক'বলৈ গ'লে- সাহিত্যৰ ক্ষেত্ৰত বিপদ এইখিনিতে যে বামপন্থী দৃষ্টিকোণৰ বিশুদ্ধতা ৰক্ষা কৰিবলৈ এসময়ত ৰবীন্দ্ৰনাথ, এলিয়ট, জে'মচ্, কাফ্কা সবাকে তালাক দিয়াৰ ফলত বামপন্থীসাহিত্য সোধনবাদৰ পৰা ৰক্ষা পৰিল হয়, কিন্তু এক সংকীর্ণ, দৰিদ্ৰ, নিস্তেজ সাহিত্যবোধৰ অধিকাৰী হ'ল। তাৰ পৰিণামত বহুসংখ্যক পাঠকক মুগ্ধ কৰিব পৰা প্ৰভাৱশালী সাহিত্য ৰচনাত বামপন্থী সকল ব্যর্থ। সেয়ে ভাবোঁ তাবিজ, মাদুলিৰ দৰে মাও ছেতুঙৰ বাণী সৰোগত কৰি আমি পৰিত্ৰাণ নাপাম।
'নতুন সাহিত্য'ৰ ডিচেম্বৰ,২০০৩ সংখ্যাত 'জ্যোতিপ্ৰসাদলৈ ­ ধীৰেশ্বৰ কলিতাৰ চিঠি' খন প্ৰকাশ কৰি জ্যোতিপ্ৰসাদকঅপ মান কৰা যেন হে অনুভৱ হয়। ইয়াৰ কাৰণ যিয়ে চিঠিখন ভালদৰে পঢ়িব তেওঁ বুজি পাব। এই আলোচনীখনৰ শেষত ড' হীৰেন গোহাঁইৰ অভিমত প্ৰকাশ হৈছে। যিয়ে বুজাই দিয়ে মাক্সীয় আদর্শৰে যে কোনোৱে উল্লেখযোগ্য সাহিত্যিক হ'ব পৰা নাই।
শেষত এটাই কথা ক'ব বিচাৰিমযে 'নতুন সাহিত্য পৰিষদ'ৰ সদস্য বৃদ্ধিৰ এই নিয়ম মই মানি ল'ব নোৱাৰোঁ।কিয়নো সদস্য বৃদ্ধিৰে সংগঠন মজবুত কৰা যাব। (ৰাজনৈতিক সবলিকৰণ হ'ব পাৰে!), কিন্তু সাহিত্যৰ দিশত একোফলপ্ৰসূ নহ'ব। কিয়নো সাহিত্য অনুৰাগীৰ বাদে আনক সদস্য কৰি সংগঠনহে মজবুত কৰা যাব। সাহিত্যৰ ক্ষেত্ৰত অৱদান সদায় শূন্য হৈয়ে থাকিব।

(১০) বিষয়ঃ অনুবাদ

[ক] যোৱা মে', ২০০৭ চনৰ 'গৰীয়সী'ত প্ৰকাশিত ডঃ তড়িৎ চৌধুৰী অনূদিত জীবনানন্দ দাশৰ 'বনলতা সেন' কবিতাটো পঢ়ি দুআষাৰ লিখিবলৈ মন গৈছিল। কিন্তু দুর্ভাগ্য এয়ে যে মোৰ নামৰ আগে-পিছে কোনো পৰিচয়ৰ ফলক নাই। তাৰ পিছত চুলতান আহমেদৰ যোগ্য প্ৰত্যুত্তৰটো পাই ভাল লাগিল। গৰীয়সীলৈ ময়ো জীবনানন্দ দাশৰ কবিতা এটাৰ অনুবাদ পঠিয়াইছিলোঁ কিন্তু প্ৰকাশ হোৱা নাছিল। তেতিয়া গৰীয়সীৰ সম্পাদক আছিল হৰেকৃষ্ণ ডেকা।

[খ] সাহিত্য অকাডেমীৰ পৰা প্ৰকাশিত কৰবী ডেকা হাজৰিকা অনূদিত জীবনানন্দ দাশৰ কবিতাসমূহ পঢ়ি কিছু কথা উল্লেখ কৰিবলৈ লৈছোঁ।
< জী. (জীবনানন্দ দাশৰ মূলকবিতা) /অ. (মোৰ মতে হ'ব লগা অসমীয়া অনুবাদ)/ ক. (কৰবী ডেকা হাজৰিকাৰ অনূদিত ৰূপ) >

জী. কোথাও কয়েক টুকরো মাছের কাঁটার সফলতার পর।
অ. ক'ৰবাত কেইটুকুৰামান মাছৰ কাঁইটৰ সফলতাৰ পিছত।
ক ক'ৰবাত দুটুকুৰা মাছৰ কাঁইটৰ সফলতাৰ পিছত।

জী. কৃষ্ণচূড়ার গায়ে নখ আঁচড়াচ্ছে।
অ. কৃষ্ণচূড়াৰ গাত নখ আঁচুৰিছে।
ক. কৃষ্ণচূড়াৰ পাতত নখ আঁচুৰিছে।

এয়া 'বিড়াল' কবিতাৰ অন্তর্গত। মেকুৰী এটাই কৃষ্ণচূড়াৰ পাতত নখ আঁচুৰা আপুনি দেখিছে নেকি?

জী. ফাল্গুনের রাতের আঁধারে।
অ. ফাগুনৰ ৰাতিৰ এন্ধাৰত।
ক. ফাগুনৰ ৰাতিৰ ক'লাত।

জীবনানন্দ দাশৰ আন এটা কবিতা 'হায়, চিল' য'ত হায় শব্দই বিৰহ- বেদনা বা হুমুনিয়াহ প্ৰকাশ কৰিছে। সেয়ে তাৰ অসমীয়া ৰূপান্তৰআমাৰ মতে 'হায়, চিলনী' হে হ'ব লাগে। কিন্তু কৰবী ডেকা হাজৰিকাই কৰিলে 'অ' চিলনী'।

জী. নক্ষত্ৰের রুপালি আগুন ভরা রাতে।
অ. নক্ষত্ৰৰ ৰূপালী অগ্নিময় ৰাতি।
ক. নক্ষত্ৰৰ ৰূপালী জোনাকে ভৰা ৰাতি।

জী. স্নায়ুর আঁধারে।
অ. স্নায়ুৰ এন্ধাৰত।
ক. অন্ধকাৰ স্নায়ুৰ মাজত।

জী. অদ্ভুত আঁধার এক।
অ. অদ্ভুত এন্ধাৰ এছোটা।
ক. অদ্ভুত আন্ধাৰ এক।
আন্ধাৰ এটা বা এটা আন্ধাৰ বুলি ক'লে অসমীয়াত শুদ্ধ হ'ব জানো?

জী. মহৎ সত্য বা রীতি, কিংবা শিল্প অথবা সাধনা।
অ. মহৎ সত্য বা ৰীতি, কিম্বা শিল্প অথবা সাধনা।
ক. সত্য-ৰীতি-শিল্প ­-সাধনাক।

'বিড়াল' কবিতাটিত আমি পাওঁ' জাফরান রঙের সুর্য'। বনলতা সেনত পাওঁ 'দারুচিনি দ্বীপ'। হাজৰিকাই অনুবাদ কৰিছে 'জাফৰান ৰঙী সূর্য' আৰু 'দালচেনি দ্বীপ' বুলি। অসমীয়া শব্দ ভাণ্ডাৰত 'জাফৰান ৰং' আছে নেকি? তাৰ ঠাইত আমি 'মৰহা ৰঙী সূর্য' বা 'অস্তৰঙী সূর্য' আদি শব্দ ব্যৱহাৰ কৰিব পাৰি। আনহাতে 'দাৰুচিনি' এটা দ্বীপৰ নাম তাক অসমীয়াত 'দালচেনি দ্বীপ' নামাকৰণ কৰাৰ যুক্তি আছে জানো?

মূল বাংলা ভাষা নজনাকৈ ইংৰাজী অনুবাদৰ পৰা অনুবাদ কৰিলে এনে হোৱাটো স্বাভাৱিক। সেয়ে পাৰাপক্ষত মূল ভাষাটোৰ পৰা অনুবাদ কৰিব লাগে। তেনে হলে মূলৰ স্বকীয়তা হ্ৰাস নাপায়। কৰৱী ডেকা হাজৰিকা অনূদিত কবিতা সমূহে জীবনানন্দ দাশৰ দৰেএজন উল্লেখযোগ্য কবিৰ কবিত্বক ম্লান কৰা যেন হে অনুভৱ হয়। পৰৱর্ত্তী সময়ত এই দিশত অনুবাদক সকল সতর্ক হৈ সূক্ষ্ম দৃষ্টিকোণেৰ চাই অনুবাদ কৰিব বুলি আশা ৰাখিলোঁ। ফৰাচী, চীনা, জাপানী আদি বিদেশী ভাষাবোৰৰ কথা বেলেগ, সেইবিলাক ইংৰাজীলৈ অনুবাদ হোৱাৰ পিছতহে অসমীয়ালৈ অনুবাদ কৰা দেখা যায়। কিন্তু বাংলা, ওড়িআ, হিন্দী, নেপালী আদি ভাষাৰ ৰচনাৰাজিৰ ক্ষেত্ৰত ইংৰাজী অনুবাদৰ পৰা অনুবাদ নকৰি মূল ভাষাটোৰ পৰা অনুবাদ কৰিলে মূলৰ স্বকীয়তা হ্ৰাস নাপাব বুলি ভাবোঁ।

(১১) সোমবাৰ, গো-হত্যা ইত্যাদি

মুকুল মহন্ত আছিল মুখ্য সম্পাদক। এখন সাপ্তাহিক কাকত। ৭ এপ্ৰিল ২০০৮ সংখ্যাত প্ৰকাশ হৈছিল 'ধর্ম বিতর্ক/ ১ - ... ইছলামধর্ম প্ৰৱর্তক মহম্মদেই আছিল কল্কী অৱতাৰ'।
অর্থাৎ আমাকো ইছলাম ধর্ম গ্ৰহণ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱা। ৫ মে', ২০০৮ ৰ সংখ্যাত প্ৰকাশিত প্ৰবন্ধটোত উল্লেখ কৰিছিলযে বাল্মিকী, মনু, সীতা, শ্ৰীকৃষ্ণ আদিয়ে গো-বলি দিছিল। হজৰত ইব্ৰাহিম, হজৰত মুছা (আঃ), হজৰত মোহাম্মদ (ছঃ) আদিয়ে গৰু কোৰবাণী দিছিল। আমি আগতে অনেক প্ৰৱন্ধত পাইছিলোঁ হজৰত মহম্মদ জীৱহত্যাৰ বিৰুদ্ধে আছিল আৰু তেখেত নিৰামিষ ভোজী আছিল। কোনটোসঁচা আমি নাজানো। লগতে কাকত খনত হিন্দু সকলক গো-মাংস ভোক্ষণ কৰিবলৈ কৈছিল আৰু.....!
২৮ মে' ৰ সংখ্যাত 'বেদৰ ভৱিষ্যদ্বাণী' নামৰ প্ৰৱন্ধটোতো কল্কি অৱতাৰ হৈ গৈছে বুলি উল্লেখ কৰিছিল। মই ধর্ম বিতর্কত সোমাব নিবিচাৰি। মানৱতাকেই মই ধর্ম বুলি ভাবোঁ। কিন্তু এই প্ৰৱন্ধবোৰ পঢ়ি ধর্ম পালনকৰা হিন্দুবিলাকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নগ'ল। তাতে আকৌ কাকত খনৰ মুখ্য সম্পাদক মহন্ত উপাধিৰ।
এয়া কিহৰ ইংগিত! এনে কি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, সত্ৰ মহাসভা আদি সংগঠনো নিমাত!

(১২) ০০০০

অজিত কুমাৰ ভূঞাই প্ৰতিদিন কাকত এৰি যোৱাৰ পিছত! আকৌ যেতিয়া বহুদিনৰ মূৰত প্ৰতিদিনলৈ আহে তাতে প্ৰথম পৃষ্ঠাত এটা নিৱন্ধ লিখিছিল, সেইটোৰ ওপৰত মই এটা নষ্ট গদ্য লিখিছিলোঁ।কিন্তু দুর্ভাগ্যৰ কথা এয়া যে গদ্যটো হেৰাই পেলালোঁ। কাকতখনো মোৰ লগত আছিল, এই দুদিনে বহুত বিচাৰিলোঁ, বিচাৰি নাপালোঁ। সেয়ে আৰু সেই বিষয়ে লিখা নহ'ল।


(১৩) 'নামনিৰ অসম'

গোসাঁইগাঁওৰ পৰা প্ৰকাশিতএখন সপ্তাহিক কাকত। তাতে বহুদিন লিখা-মেলা কৰিছিলোঁ।
১৯/১০/০৭ত লিখিছিলোঁ 'ভগা কলমৰ কাঁড় - আমাৰ বুকুৰ বিষটো ক্ৰমশঃ বাঢ়ি আছে' । তাতে লিখিছিলোঁ আমাৰ বাবে কলমেই এ.কে. ৪৭। আমাৰ মুক্ত কণ্ঠই এদিন হয়তো হ'ব আমাৰ মৃত্যুৰ কাৰণ। আমিযে স্বাধীনতা হেৰুৱাই পেলাইছোঁ তাকেই লিখিছিলোঁ।

সার্বভৌমত্ব প্ৰসংগ, ধেমাজিৰ ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, দেৱজিতৰ হত্যা ইত্যাদি লগতে অসম বন্ধ প্ৰসঙ্গ। মই বন্ধৰ সদায় বিৰোধী। কাৰণ বন্ধৰ ফলত চৰকাৰ কিবা লাভেই হওক বা লোচকানে হওক সেয়া ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল শ্ৰমজীৱি মানুহৰ ক্ষুধাৰ প্ৰসঙ্গটো। লগতে প্ৰতিবাদকৰিছিলোঁ স্কুলত প্ৰচলন কৰিব বিচৰা 'যৌন শিক্ষা'ৰ।চকুত কলা কাপোৰ বান্ধি...! স্কুলত কণ্ডোম !

নামনিৰ অসম'ৰ ১৮/০১/০৮ সংখ্যাত প্ৰকাশ হৈছিল মোৰ কবিতা এটা। কবিতাটোৰ নাম আছিল 'মই __ক ভাল পামেই পাম আপোনালোকে মোক ঘেন্টা কৰিব'। তাৰ বাবেই প্ৰেমিকাৰ ঘৰৰ পৰা আৰম্ভ কৰিছিল এখন অনাকাঙ্খিত যুদ্ধ। এইবোৰ ব্যক্তিগত কথা। এইবোৰ কৈ আৰু আমনি কৰিব নিবিচাৰোঁ। ময়ো স্মৃতিৰ সেই দিনবোৰ লৈ ঘূৰি যাব নুখোজোঁ। তাৰ পিছত ০৮/০২/০৮ৰ সংখ্যাত প্ৰেমৰ স্বীকাৰোক্তি হিচাবে লিখোঁ
'প্ৰেমৰ স্বীকাৰোক্তি আৰুঅন্যান্য বিষাদ'।


(১৪) এদিনৰ সংবাদ, জালাহৰ নামাই ঈপ্সিতা তালুকদাৰ আৰু এজন নষ্ট অকবিৰ আত্মহত্যা

'এদিনৰ সংবাদ'ৰ ২০/০৮/ ­০৮ সংখ্যাত প্ৰকাশ হৈছিল 'সিমান সহজ নহয় তোমাক বিদায় জনোৱা' নামৰ কবিতাটো। কবিতাটো পঢ়ি জালাহৰ পৰা এজনী ছোৱালীয়েফোন কৰিছিল। মোৰ বয়স জানিব বিচাৰিলে। কলোঁ। মোতকৈ তাই ডাঙৰ। তাইৰ সৰু ভনী আছে বুলি ক'লে আৰু তাইৰ ভনীৰ লগত কথা পাতিবলৈও দিলে। তাইৰ ভনীৰ নাম ঈপ্সিতা তালুকদাৰ। ঈপ্সিতাৰ প্ৰেমত পৰিলোঁ। বহু দিন এনেদৰেই গ'ল। ঈপ্সিতা, মোৰ টেলিফোনিক প্ৰেমিকা। নেদেখাকৈয়ে প্ৰেম-ভালপোৱা।...

তাইৰ ককাইদেউ (দাদা) বাহিৰত কিবা কাম কৰে। ঘৰলৈ আহি কথাবোৰ শুনে। পিছলৈ তেওঁৰ বাবে আমাৰ প্ৰেমৰ যৱনিকা পৰিল। সেইদিনা মই গুৱাহাটীত আছিলোঁ। সন্ধিয়া নটা মান বাজিছে। মদ খাই আছিলোঁ। অলপ খোৱাৰ পিছত জালাহলৈ ফোন কৰিলোঁ। জালাহ সম্প্ৰতি বাক্সা জিলাত। ফোন ৰিচিভ কৰিলে বাইদেউয়ে। অলপ কথা পাতিলোঁ, তাৰ পিছত ঈপ্সিতাক দিবলৈ ক'লোঁ। তাই কলে তাইৰ দাদাই এই সম্বন্ধ মানি ল'ব নিবিচাৰে। তেখেতৰ ভাষাত কবিবোৰ নষ্ট। ভাল মানুহে কবিতা নপঢ়ে। এতিয়া এজন নষ্ট অকবিৰ মৃত্যুৰ কথা। এদিন সন্ধিয়া সাপটগ্ৰামত মই আৰু ৰমেনদাই মদ খাই দীপান্বিতা মণ্ডলৰ ঘৰলৈ যাওঁ। তাইয়ো মোৰ প্ৰেমিকাআছিল। বিয়া হৈছে শিলিগুড়িত। তাতে দুয়োজনে আলোচনা কৰিলোঁ। তাৰ পিছত ৰমেন দাই সেই ছোৱালীজনীৰ ম'বাইলত ফোন কৰিলে। বায়েকে ফোন ৰিচিভ কৰিলে। ৰমেন দাই ক'লেঃ মই অ'.ছি. দিগন্ত কলিতাই কৈ আছোঁ। সাপটগ্ৰাম থানাৰ পৰা। কন্দর্পক চিনি পায় নহয়। তেওঁ আত্মহত্যা কৰিছে। তেওঁৰ লগত তোমালোকৰ সম্বন্ধ কি.....
ইত্যাদি ইত্যাদি।

কেইদিন মান পিছত সেই ছোৱালীজনীৰ ফোনৰ পৰা কল আহিল। ৰিচিভ কৰিলোঁ, পুৰুষ কণ্ঠ। মই ক'লোঁ: হেল্ল', কোনে কৈছে? তেওঁ কন্দর্পৰ বন্ধু বুলিক'লে। মোৰ পৰিচয় সোধাত ক'লোঁ: মই কন্দর্পৰ বন্ধুইকৈ আছোঁ।
তেখেতে সুধিলেঃ কন্দর্পজিৎ কল্লোল নাই নেকি? মই ক'লোঁ: তেওঁ আৰু এই পৃথিৱীত নাই। জালাহৰ কোনোবা এজনীৰ ছোৱালীৰ বাবে তেওঁ আত্মহত্যা কৰিছে।
তেখেতে দুখ প্ৰকাশ কৰিলে।মোক সুধিলে ছোৱালীজনীৰ নম্বৰটো পাও নেকি? মই নাপাওঁ বুলি ক'লোঁ। কেইদিনমান পিছৰ পৰা সেই নম্বৰটোত বহুত চেষ্টা কৰিছোঁ কিন্তু কোনো দিনে নালাগিল।

এজন নষ্ট অকবিৰ বাবে এজনী ছোৱালীৰ ছিমকার্ড এখন বর্বাদ!

(১৫) এজন টেম্পু (অটো) চালকৰ আত্মকথা

সময়ে মানুহক কৰ পৰা ক'লৈ লৈ যায় সেয়া কোনেও ক'ব নোৱাৰে।
সময়ে এসমত মোক বনাই দিলে এজন টেম্প'চালক। টেম্পু চলাই বেয়া লগা নাছিল। দুপইচা হ'লেও হাতলৈ আহিছিল। কিন্তু প্ৰায় ডেৰবছৰ মান সেই কাম কৰাৰ পিছতবাদ দি দিলোঁ। বহু সময়ত টেম্পুচালকে টেম্পুচালকে কাজিয়া, বহু সময়ত চাৰিচকীয়া গাড়ীবোৰৰ লগত কাজিয়া, বাছৰ লগত কাজিয়া, এনে কি যাত্ৰীৰ লগতো। এইবোৰ ভাল নালাগে বাবেই এই কাম বাদ দি দিলোঁ। কেতিয়াবা হাঁহিও উঠে, খঙো উঠে। এবাৰ এখন বলেৰো গাড়ীয়ে মোৰ টেম্পুকঅতিক্ৰম কৰি যোৱাৰ পিছত কয় পিছৰ গাড়ীয়ে আগৰ গাড়ীৰ অতিক্ৰম কৰি যায় ইত্যাদি তিতা কেঁহা স্মৃতি। ধুনীয়া ছোৱালীবোৰ কাষতে বহিলে ভালো লাগিছিল। ছোৱালী যে কিমান প্ৰকাৰৰ থাকিব পাৰে সেই অভিজ্ঞতাও হ'ল। আক্ৰাম দা, ছফিয়ৰ চাচা, আজাদ দা, আশ্ৰাফুল আদিৰ সানিধ্যত ভালেই লাগিছিল। সময়ে সিহঁতৰ পৰা আঁতৰাই আনিলে।
টেম্পু চলোৱাৰ পৰাই আৰম্ভহ'ল প্ৰতিদিনে মদ খোৱা। আক্ৰামদাৰ লগত মদ খাই টেম্পু চলোৱা আদি বহু স্মৃতি। কিন্তু এপইচাও জমা কৰিব নোৱাৰিলোঁ। মদিৰাৰ প্ৰেমত পৰি চব বর্বাদ। আজিলৈকে প্ৰায় এশদিনে কৈছোঁ আজিৰ পৰা আৰু মদ নাখাম বুলি। নাই নোৱাৰিলোঁ। এতিয়া অৱশ্যে প্ৰতিদিনে নাখাওঁ।
টেম্পু চলোৱা এৰি দিয়াৰ পিছত সম্প্ৰতি বেকাৰ, কর্মহীন নষ্ট যুৱক।


(১৬) মৃত্যুৰ স'তে চিনাকী আৰু প্ৰশান্ত কলিতাৰ মৃত্যু ইত্যাদি

মৃত্যু কি! আজিলৈকে ভালদৰে বুজি নাপালোঁ। প্ৰথম মৃত্যুৰ স'তে চিনাকী হৈছিলোঁ পাঁচ বছৰ বয়সত। দুর্ঘটনাত মৃত্যু বৰণ কৰিছিল মোৰ ককাদেউতা (আতা)ই। গাৰুত মুখ গুজি কান্দিছিলোঁ। এয়ে প্ৰথম মৃত্যুৰ স'তে দেখাদেখি। তাৰ পিছৰ বোৰ 'নিৰুদ্ধেশযাত্ৰা আৰু অন্যান্য কবিতা'ত লিখিছোঁ। ( www.kk9.peperon ity.com )। শেহতীয়া মৃত্যুটো দেখিলোঁ যোৱা তিনি তাৰিখে। আমাৰ গাঁওৰেভীম নামৰ এজন ল'ৰাৰ দুর্ঘটনা জনিত মৃত্যু। ভীম আছিল প্ৰশান্তৰ সৰু তথা একমাত্ৰ ভাই। ভীমৰ মৃত্যুৰ ২৩ দিনত আগত, যোৱা১১ অক্টোবৰত মৃত্যু হৈছিল প্ৰশান্ত। এখন ঘৰ শূন্য হ'ল। এহাল পিতৃ-মাতৃপুত্ৰহাৰা হ'ল। এজনী ভগ্নী ভাতৃহাৰা হ'ল। প্ৰশান্ত কলিতাৰ মৃত্যু হয় মাথোঁ ২৮ বছৰ বয়সত। ঘৰৰপৰা গুৱাহাটী অভিমুখে ৰেলেৰ গৈ আছিল। দুর্ঘনাটোঘটে আজৰাৰ সমীপৰ ৰাণীত। লগত যিজন ব্যক্তি আছিল তেওঁৰ ভাষ্য মতে প্ৰশান্তদর্জাত আছিল আৰু থু পেলাবলৈ মূৰটো উলিয়াই দিয়াত ৰেলপথৰ দাঁতিত থকা ফলকত মূৰটো লাগি পৰি যায়। অলপ সময়ৰ ভিতৰতে মৃত্যু হয়। পিছদিনা সন্ধিয়া মৃতদেহ আহি ঘৰ পায়। প্ৰশান্তৰ মৃত্যু আছিল মোৰ বাবে অসহনীয় যন্ত্ৰণা। সেইদিনা ৰাতি শ্মশানত জ্বলি উঠা চিতাৰ জুইৰ দৃশ্য আৰু তেওঁক লৈ লিখা দুটা মান কবিতা ৱেবছাইটত আপলোড কৰিছোঁ। ( www.kk99.pepero nity.com )। মোক কেবাবাৰো মৃত্যুৰ মুখৰ পৰা বচোৱা বন্ধু প্ৰশান্ত কলিতা আৰু আমাৰ মাজত নাই। আছে মাথোঁ স্মৃতিৰ হাহাকাৰ। দুর্ঘটনা আৰু মৃত্যুৰ স'তে মোৰ শৈশৱৰে পৰা চিনাকি। তাৰ পিছতো আজি ধাৰণা হয় মৃত্যু যেন এটা সপোন!


(১৭) ফেচবুক, গল্পৰ সন্ধানত গল্প, অশ্লীলতা আৰু নষ্ট অকবিৰ কর্ম সন্ধান

যোৱা ১৬/১০/ ০৭ তাৰিখে 'এদিনৰ সংবাদ'ত প্ৰকাশ পাইছিল মোৰ এটা গল্প। গল্পটোৰ নাম আছিল 'গল্পৰ সন্ধানত গল্প'। গল্পটো পঢ়ি ভালপোৱা বুলি কেবাজন পাঠকে ফোনো কৰিছিল। বহুদিনৰ মূৰত ফেচবুকৰ এটা গ্ৰুপলৈ এই গল্পটো প্ৰেৰণ কৰোঁ। সেই গ্ৰুপৰ এডমিনে পাঁচ মিনিটৰ ভিতৰত ডিলিট কৰি দিয়ে। কাৰণ, অশ্লীল শব্দৰ প্ৰয়োগ। এইখিনিতে ক'ব বিচাৰোঁ যে সেয়া কোনো পর্ণ ছবি বা বাংলা চোটি গল্পৰ দৰে গল্প নাছিল। আৰু অসমীয়া সাহিত্য জগতত তাতকৈ অশ্লীল শব্দ প্ৰয়োগদেখিবলৈ পোৱা যায়। আৰু গল্পটোৰ মূল উদ্দেশ্য অশ্লীল নাছিল। কেতিয়াবা কিছু নির্মম সত্যক ডাঙি ধৰিবলৈ কিছু অশ্লীল শব্দৰপ্ৰয়োগ কৰাটোও স্বাভাৱিক। অন্যথায় অমূল্য বৰুৱাৰ 'বেশ্যা' কবিতাটো এটা বিদ্ৰোহী কবিতা নহৈ অশ্লীল কবিতাৰ শাৰীত পৰিলহেঁতেন। অৱশ্য কর্মসন্ধানী যুৱক হিচাবে তাত মদিৰাৰ প্ৰসংগ টানি অনাটো মোৰ ভুল হৈছিল।
তাৰ পিছত ব্যক্তিগত বার্তাও আহিছিল। বিদ্ৰোহৰকথাৰে, দিনে পাঁচশ লাখ নে কোটি টকাৰ কথা লিখিছিল, তেনেকুৱা ব্যক্তিৰ টেঁটুতচেপি ধৰিবলৈ। কওক মহোদয় অসমত কোনটো বিপ্লৱে সেয়া কৰিবলৈ সক্ষম হৈছে। বিদ্ৰহৰ জুইয়ে কি দিছে আমাক। আমাৰ মানুহ মৰিছে। পাইছে নে ভোকাতুৰে এমুঠি অন্ন, পাইছেনে কোনোবাই দিবলৈ ভোকাতুৰ শিশুৰ ওঁঠতগান। এতিয়া গানবোৰো ধানৰ পতান!......
ফেচবুক সম্পর্কে ইতিমধ্য মই লিখিছিলোঁৱেই। ইয়ো এক প্ৰকাৰৰ নিচা। ভাল বন্ধুবোৰক লগ পালে ভাল লাগে। মানুহৰ মন বুজিব পৰা যায়। এই গ্ৰুপতে লিখিছিলোঁ যে ফেচবুক এতিয়া সমাজৰ দাপোন স্বৰূপ। মানুহ মাত্ৰৰে ভুল হোৱাটো স্বাভাৱিক। এইফেচবুকৰ যোগেদি যদি কাৰোবাৰ মনত কিবা দুখ দিছোঁ তাৰ বাবে ক্ষমা প্ৰার্থনাৰে এই লেখাটো এৰিলোঁ।

(১৮) সদ্যহাতে শেষ গদ্য :
ৰাতি ৰাতি মৃত্যুৰ ভাবুকি আৰু নৰকত নষ্ট অকবিৰ ফাঁচিৰ ৰচি

ৰাতি ৰাতি মৃত্যুৰ ভাবুকি আহে। এনে কি দিনতো! ভাবুকি দিয়া সকলৰ বিৰুদ্ধে একো কৰিব নোৱাৰোঁ, কাৰণ সিহঁত মোৰ আপোন। ম'বাইলটো ৰিং কৰে। আথে-বেথে ৰিচিভ কৰোঁ। তাতো মৃত্যুৰ ভাবুকি!
আহ্ মৃত্যু, তৰোৱালৰ ধাৰ আৰু এখন নদী! কি অপূর্ব লীলা তোমাৰ!
হত্যা শব্দটো এতিয়া মানুহৰ জিভাৰ আগত।
এনে এটা দিন আহিব চাগে, খোজকাঢ়ি গৈ থাকোঁতে কাৰোবাৰ গাত অকনমান খুন্দা লাগিলেও ক'ব- 'দেখা নাপায় নেকি, অন্ধ চালা, পিস্তলেৰে বুকু ফুটাই দিম, মানুহ চিনি পোৱা নাই কেলা'...!
সেয়ে নৰকৰ ফাঁচিৰ ৰচিডাল মোৰ হিজল গছত বন্ধা। এনে মুখা পিন্ধা মানুহবোৰতকৈ সেই গেলাঘাটিত গেলা মদ বিক্ৰী কৰা বৃদ্ধ জনে মোৰ শ্ৰদ্ধাৰ পাত্ৰ, যিজন বৃদ্ধই বিগত দহ বছৰ আগত এজন দশম শ্ৰেণীৰ ছাত্ৰৰ ওচৰত মদ বিক্ৰী নকৰি বহুতো বুজনি দি ঘূৰাই পঠিয়াইছিল। এতিয়া চাগে সেই বৃদ্ধজনো নাই। এতিয়া টকা পালে পাঁচ বছৰীয়া শিশুৰ হাতত আমি তুলি দিওঁ মদিৰাৰ গিলাচ। দুনীয়া বদলি হৈ গ'ল। পৈসা ফেক তামাসা দেখ। এতিয়া না বাপ বড়া না মৈয়া, সবসে বড়া ৰুপৈয়া। আমিবোৰ অন্ধ হৈ গ'লোঁ। আমাতকৈ যিবোৰ জন্মান্ধ সিহঁতো আজি বেছিদেখে। আৰু আমিবোৰ চকুথাকিও অন্ধ, কাণ থাকিও বধিৰ আৰু জিভা চুটি নহোৱাকৈয়ে বোবা। তাৰ পিছতো এইখন পৃথিৱীত কিবা আশাৰ ৰেঙণি দেখিব পৰা যায় নেকি!
আজিলৈ এইখিনিতেই এৰিলোঁ। জীৱনৰ ঘাত-প্ৰতিঘাতৰ কিছুবাস্তৱ অভিজ্ঞতাৰ কথালৈ আৰু কেতিয়াবা লগ পোৱাৰ আশা ৰাখিলোঁ।
বাকী সময়ৰ হাতত, সময়েহে জানে চব!!!


[ কিছুমান খণ্ড সম্পাদিত কৰা হৈছে । ১৯ আৰু ২০ নং খণ্ড দুটা ডিলিট হৈ গৈছে । ]